অসম

assam

চাকৰিৰ প্ৰলোভনেৰে অসমৰ যুৱতীক বিক্ৰীৰ পৰিকল্পনা কৰাৰ অভিযোগ প্লেচমেণ্ট কোম্পানীৰ বিৰুদ্ধে

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 10:48 AM IST

Allegation on Placement Company : কাছাৰ জিলাৰ এটা ব্যক্তিগত প্লেছমেন্ট কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ বহিঃৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভনেৰে বৰাক উপত্যকাৰ 30 গৰাকীৰো অধিক যুৱতীক বিক্ৰীৰ পৰিকল্পনা কৰাৰ কথা খোদ ক’লে ভুক্তভোগী যুৱতীয়ে ৷

allegation on Placement Company to selling girls sake of job
চাকৰিৰ প্ৰলোভন দি অসমৰ যুৱতীক বিক্ৰীৰ পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ

চাকৰিৰ প্ৰলোভন দি অসমৰ যুৱতীক বিক্ৰীৰ পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ

শিলচৰ, 27 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে মানৱ সৰবৰাহৰ ঘটনা ৷ বহিঃৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভনেৰে বৰাক উপত্যকাৰ 30 গৰাকীৰো অধিক যুৱতীক বিক্ৰীৰ পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটা স্থানীয় প্লেছমেন্ট কোম্পানীৰ বিৰুদ্ধে ৷

অৱশেষত গাজিয়াবাদৰ পৰা পলাই আহিল 19 গৰাকী যুৱতী ৷ ইফালে হাৰিয়ানাৰ গাজিয়াবাদত এতিয়াও বন্দী আছে 11 গৰাকী যুৱতী ৷ শিলচৰস্থিত ভ্যেলুয়াৰ ফ্যাবটেক্স প্ৰাইভেট লিমিটেড নামৰ প্লেচমেন্ট চেন্টাৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অচিৰেই প্লেচমেন্ট চেন্টাৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ভুক্তভোগীসকলে ৷

ইফালে এই অভিযোগ অস্বীকাৰ কৰে প্লেচমেন্ট চেন্টাৰৰ কৰ্তৃপক্ষই ৷ জানিব পৰা মতে, বহিঃৰাজ্যৰ বিভিন্ন নামকৰা হাস্পতালত নাৰ্ছৰ চাকৰি দিয়া প্ৰলোভনেৰে প্লেছমেন্ট চেন্টাৰটোৱে দিল্লীলৈ লৈ গৈছিল বৰাকৰ 30গৰাকীৰো অধিক শিক্ষিত যুৱতীক ৷ যোৱা 15 ফেব্ৰুৱাৰীত দিল্লীলৈ লৈ যোৱা হৈছিল যুৱতীসকলক ৷ তাৰ পিচতে দিল্লীত আটাইগৰাকী যুৱতীক গোপনে লৈ যোৱা হয় হৰিয়ানাৰ কাপাসেৰা চহৰত ৷ তাত এখন স্থানীয় হাস্পতালত নাৰ্ছৰ কামত নিয়োজিত কৰা হ’ব তেওঁলোকক ৷ কিন্তু তালৈ গৈ হতবাক হয় যুৱতীসকল ৷

যুৱতীসকলৰ ভাষ্য অনুসৰি, কাপাসেৰা চহৰৰ পতিতালয়ত ৰখা হৈছিল কেইবাগৰাকী যুৱতীক ৷ বাকীসকলক গাজিয়াবাদলৈ লৈ যোৱা হয় ৷

ইয়াৰ পিচতে ভুক্তভোগী যুৱতীসকলে জনায় যে, যি স্থানত তেওঁলোকক ৰখা হৈছিল সেইস্থান মূলতঃ পতিতালয় ৷ তেওঁলোকে এই বিষয়ক লৈ আপত্তি কৰাৰ পিচত কেইদিন মানক পিচত তেওঁলোকক উত্তৰপ্ৰদেশৰ গাজিয়াবাদলৈ লৈ যোৱা হয় ৷ কিন্তু তাতেও একেটা অৱস্থা ৷ তেওঁলোকক যি বিল্ডিঙত ৰখা হৈছিল সেই বিল্ডিঙৰ বাকী কোঠাসমূহত থকা যুৱতীসকলৰ ওচৰত ঘনাই ঘনাই অহা যোৱা কৰিছিল পুৰুষে ৷

বিভিন্ন অৰ্থনৈতিক কামত নিয়োজিত আছিল ৰূমত থকা যুৱতীসকল ৷ এই সমগ্ৰ ঘটনা দেখি 19 গৰাকী যুৱতী পলাই শিলচৰত উপস্থিত হয়হি ৷ বাকী 11 গৰাকী যুৱতী এতিয়াও গাজিয়াবাদত আছে বুলি জানিব পৰা গৈছে ৷

তাৰ পিচতে দেওবাৰে কাছাৰ আৰক্ষী অধীক্ষকৰ ওচৰত প্লেচমেন্ট চেন্টাৰটোৰ বিৰুদ্ধে অভিযোগ কৰিছে ভুক্তভোগী যুৱতীসকলে ৷

লগতে পঢ়ক:হাফলং শ্মশানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন সেনা জোৱান কমল যোশীৰ

ABOUT THE AUTHOR

...view details