অসম

assam

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন - Death anniversary of Bodofa

By ETV Bharat Assamese Team

Published : May 1, 2024, 6:47 PM IST

Badofa Upendra Nath Brahma : দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন । বডোফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন মুখ্যমন্ত্ৰীৰ ।

BADOFA UPENDRA NATH BRAHMA
থুলুংগাপুৰীত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন


কোকৰাঝাৰ, 1 মে’ : বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যু বাৰ্ষিকী পালন ৷ কোকৰাঝাৰৰ জিলাৰ দোতমাৰ থুলুংগাপুৰিস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত বুধবাৰে এবছুৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বডোফাৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী ৷

কাৰ্যসূচী অনুসৰি পুৱা সমাধি ক্ষেত্ৰত পতাকা উত্তোলনেৰে বডোফাৰ মৃত্যু বাৰ্ষিকীৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ ইয়াৰ পিচতে বডোফাৰ সমাধিক্ষেত্ৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে, বড়ো সকলৰ বাবে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই যি অৱদান আগবঢ়াই গ’ল, সেয়া চিৰস্মৰণীয় হৈ থাকিব ৷

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকী

শোষিত, নিপীড়িত, বঞ্চিত, লাঞ্চিত জনগোষ্ঠীটোক বডোফাই যেনেদৰে একত্ৰিত কৰি আগুৱাই নিলে সেয়া চিৰদিন সকলোৱে ৰন্ধে ৰন্ধে উপলদ্ধি কৰিব বুলি মন্তব্য কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

ইফালে দোতমাৰ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ গৈ থুলুংগাপুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সমাধিস্থলীত উপস্থিত হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ সৰ্বধৰ্ম প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰি বডোফাৰ মৃত্যু দিৱসৰ দিনাই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ পোৱাটো সৌভাগ্য বুলি মন্তব্য কৰে ৷

আনহাতে. অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকীৰ কাৰ্যসূচীত অংশ লৈ তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক :বৃক্ষ মানৱ বকুল গগৈক প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান - Pranab Sinha Memorial Award

ABOUT THE AUTHOR

...view details