অসম

assam

মহাবিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তক কঠোৰ সমালোচনা আপৰ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 8:11 PM IST

AAP slams Assam govt : শেহতীয়াকৈ চৰকাৰে কলেজ বন্ধ কৰাৰ সিদ্ধান্তক কঠোৰ সমালোচনা আপ অসমৰ । আপৰ চৰকাৰ হ’লে হ’ব বন্ধ হৈ যোৱা প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠান পুনৰ মুকলি কৰা প্ৰধান লক্ষ্য হ’ব বুলি আপৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথে জানিবলৈ দিয়ে ৷

AAP slams Assam govt
চৰকাৰৰ মহাবিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ সিদ্ধান্তক কঠোৰ সমালোচনা আপৰ

চৰকাৰৰ মহাবিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ সিদ্ধান্তক কঠোৰ সমালোচনা আপৰ

গুৱাহাটী, 29 ফেব্ৰুৱাৰী : মহানগৰৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টীৰ মুখ্য কাৰ্যালয়ত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এক সংবাদমেল আয়োজন কৰা হয় । সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ চৰকাৰে কলেজ বন্ধ কৰাৰ সিদ্ধান্তক কঠোৰ সমালোচনা আপ অসমৰ । কলেজত শিক্ষাৰ্থীৰ সংখ্যা বঢ়োৱাৰ দায়িত্ব কেৱল অধ্যক্ষসকলক দি চৰকাৰৰ মূৰ পোলোকা মৰাৰ অভিযোগ দলটোৰ ।

আপৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথে কয়, "ছাত্ৰ-ছাত্ৰী বৃদ্ধি কৰাৰ বাবে কেৱল অধ্যক্ষক জগৰীয়া কৰাটো দুৰ্ভাগ্যজনক বিষয় । চৰকাৰে অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি শিক্ষা ব্যৱস্থাটোক লাহে লাহে ব্যক্তিগত খণ্ডৰ হাতত গতাই দি চৰকাৰী শিক্ষানুষ্ঠানৰ দায়িত্বৰ পৰা মুক্ত হ’ব বিচাৰিছে ।"

লগতে নাথে কয়, "ৰাজ্যৰ ৭০ খনৰো অধিক মহাবিদ্যালয়ত শিক্ষাৰ্থী নথকাৰ অজুহাতত বন্ধ কৰাৰ হুংকাৰ দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । পৰৱৰ্তী সময়ত তেওঁ এই মত সলনি কৰিছে যদিও ই চৰকাৰৰ চতুৰালিৰ বাদে আন একো নহয় । বিজেপি চৰকাৰৰ দিনত সৰ্বাধিক শিক্ষানুষ্ঠান বন্ধ হোৱাত অসমত অভিলেখ ৰচনা কৰিছে বিজেপি চৰকাৰে ৷ যদি নাম প্ৰকাশ কৰা এই মহাবিদ্যালয়সমূহ ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ কৰিব লগা এটা পৰিৱেশৰ মাজতেই আছে, তেন্তে এইসমূহ মহাবিদ্যালয়ক পৰিকল্পনাবিহীনভাৱে চৰকাৰীকৰণ কিয় কৰিছিল ? চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰাৰ মানসিকতাৰ পৰিৱৰ্তে কেনেকৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গৰিমা বৃদ্ধি কৰি চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মনঃপুত উন্নত গুণগত শিক্ষা প্ৰদান কৰিব পৰাকৈ এটা শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটোহে চৰকাৰৰ বাবে কৰ্তৃত্ব আৰু দূৰদৰ্শী সিদ্ধান্ত হ’ব ।"

আপৰ চৰকাৰ হ’লে হ’ব বন্ধ হৈ যোৱা প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠান পুনৰ মুকলি কৰা প্ৰধান লক্ষ্য হ’ব বুলি নাথে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক:বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ABOUT THE AUTHOR

...view details