অসম

assam

১৪ টা সমষ্টিতেই যোগ্য প্ৰাৰ্থী প্ৰদান কৰা হৈছে: ভূপেন বৰা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 2:09 PM IST

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানক লৈ সন্তুষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ কেন্দ্ৰত ইণ্ডি এলায়েঞ্চ চৰকাৰ গঠন হ’লে প্ৰতিশ্ৰুতি পূৰণ কথা উল্লেখ বৰাৰ ৷ ইফালে ডাবোল ইঞ্জিন চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চূড়ান্ত ব্যৰ্থ হোৱাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ।

Lok Sabha Election 2024
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

যোৰহাট, ১৬ এপ্ৰিল :যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আজি যোৰহাটত উপস্থিত হয় প্ৰিয়ংকা গান্ধী ৷ ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰাৰ পাচতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, গৌৰৱ গগৈৰ লগতে দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতাই আদৰণি জনায় ৷

তেওঁ প্ৰিয়ংকা গান্ধীৰ আজিৰ দিনটোৰ কাৰ্যসূচীৰ কথা উল্লেখ কৰি, কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিমান বন্দৰত অৱতৰণ কৰাৰ পাচত তিতাবৰ বৰহোলাৰ পৰা গড়আলি চাৰিআলি হৈ তিতাবৰ তিনিআলিলৈকে প্ৰায় চাৰি কিলোমিটাৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইফালে কংগ্ৰেছ নেত্ৰীগৰাকীলৈ বিমান বন্দৰত অপেক্ষা কৰি থকা সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলটোৱে ১৪টা সমষ্টিতেই যোগ্য প্ৰাৰ্থী প্ৰদান কৰিছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ।

ভূপেন বৰাই আওপকীয়াকৈ মুখ্যমন্ত্ৰী আৰু শাসিত বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি কয় যে বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে, ছয় জনগোষ্ঠীক জনজাতিকৰণ, প্ৰত্যেক বছৰে ৫লাখকৈ চৰকাৰী সাহাৰ্য প্ৰদানৰ আজিকোপতি কিয় কৰিব নোৱাৰিলে বুলি কটাক্ষ কৰে ।

তেওঁ লগতে চাহ শ্ৰমিকসকলক প্ৰদান কৰিবলগীয়া প্ৰাপ্য মজুৰি আজিকোপতি কিয় প্ৰদান নকৰিলে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে । ৪ জুনৰ পিচত কেন্দ্ৰত ইণ্ডি এলায়েঞ্চ চৰকাৰ গঠন হ’লে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰাৰ কথা বৰাই উল্লেখ কৰে ৷ তেওঁ লগতে কয়, আমি কৰ্ণাটক আদি কৰি আমাৰ চৰকাৰ থকা ৰাজ্যসমূহত যিসমূহ দিম বুলি প্ৰতিশ্ৰুতি দিছিলো, সেইসমূহ প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে ৷

উল্লেখ্য যে, ১৪নং যোৰহাট লোকসভা সমষ্টিত শাসকীয় বিজেপিয়ে যুদ্ধদেহী তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সমান্তৰালভাবে কংগ্ৰেছে গ্ৰামাঞ্চলত ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷

লগতে পঢ়ক:আজি অসমলৈ আহি আছে মোদী আৰু প্ৰিয়ংকা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details