ETV Bharat / politics

সৌভাগ্যৱান পবিত্ৰ মাৰ্ঘেৰিটা : মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ - Pabitra Margherita sworn in as Minister of State

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 10:52 PM IST

Pabitra Margherita : চৰ্চাত কেইবাগৰাকীও সাংসদৰ নাম থকাৰ পিছতো মোদী মন্ত্ৰীসভাত স্থান লাভ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰি শপত গ্ৰহণ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ মাৰ্ঘেৰিটাই ইংৰাজীতে শপতবাক্য পাঠ কৰে ৷

PABITRA MARGHERITA SWORN IN AS MINISTER OF STATE IN MODI CABINET
মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ (Etv Bharat Assam)

গুৱাহাটী, ৯ জুন: তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে ৷ লগতে শপত ল'লে মোদী মন্ত্ৰীসভাৰ সদস্যসকলে ৷ অসমৰ পৰা সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ লগতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মোদী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰে ৷

মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰা অসমৰ দ্বিতীয়গৰাকী সৌভাগ্যবান হিচাপে পৰিচিত হৈছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ৷ কাৰণ চৰ্চাত কেইবাগৰাকীও সাংসদৰ নাম আছিল যদিও ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই এই স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ মোডীৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰি শপত গ্ৰহণ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ মাৰ্ঘেৰিটাই ইংৰাজীতে শপতবাক্য পাঠ কৰে ৷

সংক্ষেপে পবিত্ৰ মাৰ্ঘেৰিটাৰ জীৱন আৰু ৰাজনৈতিক পৰিক্ৰমা :

ক'বলৈ গ'লে যথেষ্ট লাকী মানুহ পবিত্ৰ মাৰ্ঘেৰিটা ৷ যথেষ্ট কম সময়ৰ ভিতৰত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ মাত্ৰ এটা দশকৰ ভিতৰতে ভোটৰ ৰাজনীতিত অৱতীৰ্ণ নহৈ ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰিলে তেওঁ ৷ ২০১৪ চনত বিজেপিত যোগদান কৰিয়েই দলৰ শীর্ষ মুখপাত্ৰৰ দায়িত্ব লাভ কৰাৰ উপৰিও ২০১৭ চনৰ পৰা ২০২১ চনলৈ তেওঁ জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছিল ৷

ইয়াৰ পাছত ২০২২ চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব লাভ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ৰাজ্যসভাৰ সাংসদ হৈ থকা অৱস্থাতে দেওবাৰে মোদী মন্ত্ৰীসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: দেশৰ সংবিধান আৰু অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে - Narendra Modi Sworn ceremony

উল্লেখ্য যে, ১৯৭৪ চনৰ ১৩ অক্টোৱৰত মাৰ্ঘেৰিটাত জন্মগ্ৰহণ কৰা পবিত্ৰ মাৰ্ঘেৰিটাই দীঘলীয়া সময় কলা-সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল ৷ তেওঁ ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ মাহেকীয়া সাংস্কৃতিক আলোচনী 'মায়া'ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল ৷

মাৰ্ঘেৰিটাই ২০০২ চনৰ পৰা ২০০৫ চনলৈ আন এখন অসমৰ সাংস্কৃতিক মাহেকীয়া 'সাৰেগামা'ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ সুদীৰ্ঘ সময় সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকাৰ পাছত ২০১৪ চনত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহে ৷ ২০১৪ চনত তেওঁ বিজেপিৰ সক্ৰিয় সদস্য হয় ৷ ২০১৪ চনৰ পৰা তেওঁ অসম বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি বিভিন্ন দায়িত্ব পালন কৰি আহিছিল ৷ ২০১৭ চনত তেওঁক জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় ৷ ২০২১ চনলৈ তেওঁ এই দায়িত্ব পালন কৰে ৷

আনহাতে, ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে তেওঁ অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব হিচাপে দায়িত্ব পালন কৰিছিল ৷ ২০২২ চনৰ মাৰ্চ মাহত তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় ৷ বিজেপিৰ সদস্য হিচাপে সংসদৰ উচ্চ সদন ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰা পবিত্ৰ মাৰ্ঘেৰিটা অৱশেষত মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল ৷ মাৰ্ঘেৰিটাই মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ : 30 গৰাকীয়ে লাভ কৰিলে কেবিনেট মন্ত্ৰীত্ব - Oath taking ceremony of Narendra Modi as PM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.