অসম

assam

চাবুৱাত সৰ্বানন্দ সোণোৱালে ৭০-৭৫ হাজাৰ ভোট লাভ কৰিব :মুখ্যমন্ত্ৰী - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 4:34 PM IST

Assam CM slams Gaurav Gogoi: সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত উৰুকাৰ দিনা নাচি-বাগি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই প্ৰচাৰ সভাত গৌৰৱ গগৈয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই প্ৰতিবাদ কৰি মহাপাপ কৰিছে বুলি মন্তব্য় মুখ্যমন্ত্ৰীৰ ।

Dibrugarh Lok Sabha constituency
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা

মৰাণ, ১২ এপ্ৰিল: ডিব্ৰুগড় লোকসভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । ভোটাৰক আকৰ্ষণ কৰিবলৈ কৰিবলৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্ৰচাৰ কাৰ্যসূচী। বিজেপি দলে সংবাদ মাধ্যমত ১২ৰ পৰা ১৩ খন লোকসভা আসনত জয়লাভ কৰাটো নিশ্চিত বুলি ঘোষণা কৰিলেও প্ৰচাৰত অলপো কৃপণালি কৰা নাই । তেনে এক পৰিবেশ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত । আজি ডিব্ৰুগড়ৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাৰাথন প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

শুকুৰবাৰে উৰুকাৰ দিনটোত সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কঁকালত টঙালি মাৰি ৰাইজৰ সৈতে নাচি-বাগি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত 'কা' আন্দোলনৰ কথা কৈ অখিল গগৈ, লুৰীণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰে । লগতে বিজেপিক ভোট দিলে উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলিও কয় । বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি সৰ্বানন্দ সোণোৱালক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই প্ৰচাৰ সভাতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়," চাবুৱা সমষ্টিত সৰ্বানন্দ সোণোৱালে ৭০ৰ পৰা ৭৫ হাজাৰ ভোট লাভ কৰিব ।" আনহাতে, কালিৰ দিনটোত ঈদৰ অনুষ্ঠানত অখিল গগৈ আৰু গৌৰৱ গগৈয়ে একেলগে নামাজত অংশগ্ৰহণ কৰাক লৈ তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"গৌৰৱ গগৈয়ে নামাজ পঢ়া নিয়ম জানে । কিন্তু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাহুল গান্ধীক লগত লৈ নগাঁৱত ধৰ্ণা কৰিছিল গৌৰৱ গগৈয়ে । ঈদৰ প্ৰতি যি সন্মান ৰাম মন্দিৰৰ প্ৰতিও সেই সন্মান হ'ব লাগে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই প্ৰতিবাদ কৰি গৌৰৱ গগৈয়ে মহাপাপ কৰিছিল ।"

ইপিনে, ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কওঁতে গৌৰৱ গগৈ ক'ত আছিল বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি কৰিব বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে । এই অনুষ্ঠানটোত বিধায়ক বিনোদ হাজৰিকা, পোনাকন বৰুৱাকে ধৰি বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:অখিল গগৈৰ প্ৰতিটো মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details