অসম

assam

মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান ভূপেন বৰাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 8:46 PM IST

Bhupen Borah open challenges to CM: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ মুখ্যমন্ত্ৰীক পচন্দৰ এটা টি ভি চেনেলত মুখামুখিকৈ‌ বিতৰ্কত বহাৰ আহ্বান বৰাৰ । ইফালে অসমত শান্তি স্থাপনত বৰ্তমানৰ চৰকাৰখন ১০০ শতাংশ ব্যৰ্থ হোৱাৰ অভিযোগ বৰাৰ ৷

Bhupen Borah open challenges to CM
মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান ভূপেন বৰাৰ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, ৮ এপ্ৰিল:লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । গুৱাহাটীত সোমবাৰে সাংবাদিকক সম্বোধন কৰি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান জনায় কয়, "মুখ্যমন্ত্ৰীয়ে এটা নিজৰ পচন্দৰ টি ভি চেনেলত মোৰ সৈতে মুখামুখিকৈ‌ বিতৰ্কত বহক । মই অসমৰ নিবনুৱা সমস্যা, গুৱাহাটীৰ কৃত্ৰিম বান, খোৱাপানীৰ সমস্যা, অসম চুক্তি ৰূপায়ণ কৰা আৰু অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি কেতবোৰ প্ৰশ্ন‌ মুখ্যমন্ত্ৰীক সুধিম ।‌ মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিব লাগিব ।"

তেওঁ লগতে কয়, "যদি আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰে, অসমৰ ৰাইজ সন্তুষ্ট হয়, তেতিয়া হ’লে আপোনালোকৰে ভাল হ’ব ৷ বিহুৰ আগত কৰ্মচাৰীক দৰ্মহা দিব নোৱাৰি ঋণ ল’ব বিচাৰিছে ৷ যদি ঋণ নাপায়, তেতিয়া হ’লেতো আপুনি কৰ্মচাৰীক দৰ্মহা দিব নোৱাৰিব ৷ অসমৰ বিত্তীয় সংকটৰ কথা ৰাইজৰ পৰা কিমান লুকুৱাব ৷" কিন্তু মুখ্যমন্ত্ৰীয়ে অসমৰ মূল‌ সমস্যাবোৰক আঁতৰাই ৰাখি মুখ্যমন্ত্ৰী আৰু ভূপেন‌ বৰাৰ‌ মাজত এখন যুঁজৰ সৃষ্টি কৰিছে বুলি বৰাই উল্লেখ কৰে । আচলতে মৌলিক সমস্যা লৈ বিতৰ্ক হ'লে বিজেপি গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰৰ‌‌ বাবে যাব নোৱাৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দলটোক কটাক্ষ কৰে ।

ইফালে অসমত শান্তি স্থাপনত বৰ্তমানৰ চৰকাৰখন ১০০ শতাংশ ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি বৰাই ওলোটাই চৰকাৰখনক প্ৰশ্ন উত্থাপন কৰি কয়, অসমত শান্তি প্ৰতিষ্ঠা হৈছে যদি মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জেদ প্লাছ ছিকিউৰিটি লৈ কিয় ঘুৰি ফুৰে ? অসমৰ কেইবাখনো জিলাত কিয় সেনাবাহিনী বিশেষ ক্ষমতা আইনখন কাৰ্যকৰী হৈ আছে‌ ?

তেওঁ কয় যে লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ জয় নিশ্চিত । কাৰণ উদয় শংকৰৰ ভাগ্য উদয়ৰ লগত ভূপেন বৰাৰ ভাগ্য উদয়ৰ কথা জড়িত হৈ আছে ।

লগতে পঢ়ক:কা আন্দোলন ফাঁকিৰ ওপৰত হৈছিল, আন্দোলনকাৰীয়ে উত্তৰ দিব লাগিব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details