অসম

assam

বিজেপি-অগপ-আপৰ চাৰি শতাধিকৰ অজাপত যোগদান

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 8:42 PM IST

Assam united opposition Forum : নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান আৰু কৰ্মীসভা । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাহৰকটীয়াত বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ।

Dibrugarh Lok Sabha Constituency
অসম জাতীয় পৰিষদৰ সভাপতি

অসম জাতীয় পৰিষদৰ সভাপতি

মৰাণ, ১৮ মাৰ্চঃ "বিৰোধী ঐক্যমঞ্চত ১৬টা ৰাজনৈতিক দল আছে । সকলোৰে নেতা-কৰ্মকৰ্তাসকল আছে । গতিকে যিকোনো প্ৰত্যাহ্বান আহিলেও সহজতেই ওফৰাই পেলাব পৰিব ।"এই মন্তব্য় বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ । আজি নাহৰকটীয়াৰ ধৰ্মশালাত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ যোগদান আৰু কৰ্মী সভাত এইদৰে মন্তব্য় কৰে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । তেওঁ কয় যে শাসকীয় বিজেপি দলে ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ ভয় খাই সমষ্টিক লক্ষ্য কৰি লৈছে । কিন্তু এইবাৰ ডিব্ৰুগড়ৰ ৰাইজে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে বুলি শাসকীয় বিজেপি দলে এই কথাটো আগতীয়াকৈ উমান পায় তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকী ইয়াৰ পৰা সলনি কৰিব লগা হ'ল বুলি মন্তব্য় কৰে লুৰীণজ্যোতি গগৈয়ে ।

আজি নাহৰকটীয়াত অনুষ্ঠিত হ'ল অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান আৰু কৰ্মীসভা । শাসকীয় দল বিজেপিৰ বহুসংখ্যক কৰ্মীৰ লগতে আম আদমি পাৰ্টী আৰু অসম গণ পৰিষদৰ চাৰি শতাধিক কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে । নাহৰকটীয়াৰ ধৰ্মশালাত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ যোগদান আৰু কৰ্মী সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ উপস্থিত থাকে ।

এই অনুষ্ঠানত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে বিৰোধী ঐক্য মঞ্চই প্ৰত্যাহ্বান ওফৰাই সাজু আছে । তেওঁ কয়," আমি যুঁজিবলৈ আহিছো । সকলোৱে সন্মিলিতভাৱে যুঁজিম আৰু ঐক্যবদ্ধভাৱে যুঁজিম । একতাত শক্তি আছে । "

লগতে জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰেও এই সভাত কয়,"সন্মিলিত বিৰোধী দলে এই সাম্প্ৰদায়িক ধনী শ্ৰেণীক প্ৰতিনিধিত্ব কৰা বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ যুৱনেতা বলিষ্ঠ কণ্ঠৰ অধিকাৰী লুৰীণজ্যোতি গগৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । প্ৰথম সভাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি বিশ্বাস হৈছে আমাৰ মনোনীত প্ৰাৰ্থীয়ে বিপুল ভোটত জয় লাভ কৰিব ।"

লগতে পঢ়ক:লুৰীণজ্যোতি গগৈক প্ৰশংসাৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে

ABOUT THE AUTHOR

...view details