ETV Bharat / politics

লুৰীণজ্যোতি গগৈক প্ৰশংসাৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে

Lok sabha Election 2024:লুৰীণজ্যোতি গগৈৰ প্ৰশংসাত পঞ্চমুখ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ ৷ সকলো ধৰণৰ সহযোগিতা প্ৰদানৰ আশ্বাস ঘাটোৱাৰৰ ৷

Congress leader Paban Singh Ghatowar praises AJP candidate Lurinjyoti Gogoi
লুৰীণজ্যোতি গগৈক প্ৰশংসাৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 1:06 PM IST

2 Min Read
Choose ETV Bharat
জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ

মৰাণ, 17 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে দেশৰ-ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ডিব্রুগড় লোকসভা সমষ্টিত শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াৰ লগতে বিৰোধী ঐক্য মঞ্চৰ পৰা অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

আনহাতে, আম আদমী পাৰ্টীয়ে মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি ডিব্ৰুগড়ত চলাইছে প্ৰচাৰ অভিযান । শনিবাৰে আবেলি ডিব্রুগড় লোকসভা সমষ্টিৰ পাঁচবাৰৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰক ডিব্ৰুগড়ৰ গৃহত সাক্ষাৎ কৰে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ পৰা নিৰ্বাচন সম্বন্ধীয় দিহা-পৰামৰ্শ গ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে ।

Congress leader Paban Singh Ghatowar praises AJP candidate Lurinjyoti Gogoi
লুৰীণজ্যোতি গগৈক প্ৰশংসাৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে

এই সাক্ষাতৰ পাছতে কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে কয়, "মই লুৰীণজ্যোতি গগৈক আশীৰ্বাদ দিছো । ভোট যুদ্ধত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছো । লুৰীণজ্যোতি গগৈ এক প্ৰতিবাদী কন্ঠ, সংসদত তেওঁ সবল কন্ঠ উত্থাপন কৰিব পাৰিব ।"

লক্ষণীয় বিষয় যে, লুৰীণজ্যোতি গগৈৰ সমান্তৰালকৈ শেহতীয়াভাৱে কেন্দ্ৰীয় জলপথ, বন্দৰ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে চাহ জনগোষ্ঠীৰ নেতা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে । এবিটাই আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘাটোৱাৰে সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়োৱাৰ লগতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাবে তেওঁ গৌৰৱ অনুভৱ কৰে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: কোনো ব্যক্তি‌ বিশেষৰ সমালোচনাৰ মই উত্তৰ দিব বিচৰা নাই: লুৰীণজ্যোতি গগৈ