কোনো ব্যক্তি‌ বিশেষৰ সমালোচনাৰ মই উত্তৰ দিব বিচৰা নাই: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi vs Dulu Ahmed

🎬 Watch Now: Feature Video

thumbnail
লুৰীণজ্যোতি গগৈ (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 8:46 AM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 17 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তীব্ৰ সংঘাত পৰিলক্ষিত হৈছে অসম জাতীয় পৰিষদৰ ভিতৰচ’ৰাত । দলটোৰ উপ-সভাপতি দুলু আহমেদে বৰপেটা লোকসভা সমষ্টিত নিজ ইচ্ছা অনুসৰি নিৰ্বাচন খেলিবলৈ মনস্থ কৰাৰ পাচতে এই সংঘাত দেখিবলৈ পোৱা গৈছে ৷ শনিবাৰে দুলু আহমেদে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ সন্দৰ্ভত আগবঢ়াইছিল বহু বিতৰ্কিত মন্তব্য । যিয়ে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । 

দুলু আহমেদৰ বিতৰ্কিত মন্তব্যৰ পাচতেই ডিব্ৰুগড়ৰ খোৱাং বাঁহনি পথাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । দুলু আহমেদৰ নাম নোলোৱাকৈ লুৰীণজ্যোতি গগৈয়ে কয়, "মই নিজেই নিজক জানো । নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে । অসমৰ জনগণৰ ওপৰত বিশ্বাস ৰাখিছো । কোনো ব্যক্তি‌ বিশেষৰ সমালোচনাৰ মই উত্তৰ দিব বিচৰা নাই । অসমৰ ৰাইজৰ আগত পৰীক্ষা দিবলৈ বাকী নাই । মই কি কৰিছো জনতাই বিচাৰ কৰিব, সময়ৰ ওপৰত এৰিছো । জনগণে প্ৰশ্ন কৰিলে উত্তৰ দিম । জনগণৰ ওচৰত মই দায়বদ্ধ ।" 

দুলু আহমেদৰ বিতৰ্কিত মন্তব্য আৰু কাম-কাজক লৈ দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে অজাপৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ভাবুকি উপ-সভাপতি দুলু আহমেদৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details