অসম

assam

কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জলীৰে দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আলোচনা জয়শংকৰৰ

By ANI

Published : Feb 17, 2024, 7:59 AM IST

Munich Security Conference 2024 : 60 সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলন (এমএছচি) 16-18 ফেব্ৰুৱাৰীলৈ মিউনিখৰ হোটেল বেয়াৰিশ্চাৰ হফত অনুষ্ঠিত হৈ আছে । চলিত বৰ্ষৰ সন্মিলনখন আমেৰিকাত থকা জাৰ্মান ৰাষ্ট্ৰদূত ক্ৰিষ্টফ হিউজেনৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ।

মেলানিয়া জলীৰে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত আলোচনা জয়শংকৰৰ
মেলানিয়া জলীৰে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত আলোচনা জয়শংকৰৰ

ইণ্টাৰনেচনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : শুকুৰবাৰে (স্থানীয় সময় অনুসৰি) মিউনিখ নিৰাপত্তা সন্মিলনৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কানাডাৰ বিদেশ মন্ত্ৰী মেলানিয়া জলীৰ সৈতে এক বৈঠকত মিলিত হয় । দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয় ।

জয়শংকৰ আৰু মেলানিয়া জলীয়ে গোলকীয় পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰে । উল্লেখ্য, 2023 চনৰ জুন মাহত চাৰেত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছত ভাৰত আৰু কানাডাৰ মাজত যি তিক্ত সম্পৰ্কৰ সৃষ্টি হয়, তাৰ মাজতে দুয়োগৰাকী নেতাৰ মাজত এই আলোচনা অনুষ্ঠিত হয় । আনহাতে, ভাৰতে এই অভিযোগ অস্বীকাৰ কৰি ইয়াক 'অযুক্তিকৰ' আৰু 'উদ্দেশ্য প্ৰণোদিত' বুলি অভিহিত কৰে ।

এক্সৰ এটা পোষ্টত জয়শংকৰে কয়, " কানাডাৰ বিদেশ মন্ত্ৰী মেলানিয়া জলীক মিউনিখ নিৰাপত্তা পৰিষদৰ সময়ত লগ পাওঁ । আমাৰ মাজৰ কথোপকথনে স্পষ্টভাৱে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে । লগতে বিশ্বজনীন পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰাটোও যথেষ্ট উপযোগী হিচাপে বিবেচিত হৈছে ।"

এক চৰকাৰী বিবৃতি অনুসৰি, 60 সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলন (এমএছচি) 16-18 ফেব্ৰুৱাৰীলৈ মিউনিখৰ হোটেল বেয়াৰিশ্চাৰ হফত অনুষ্ঠিত হৈছে । এই বছৰৰ সন্মিলনখন আমেৰিকাত থকা জাৰ্মান ৰাষ্ট্ৰদূত ক্ৰিষ্টফ হিউজেনৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ।

ইয়াৰ পূৰ্বে, জয়শংকৰে জাৰ্মান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আন্নালেনা বায়েৰবকৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু বিশ্বজনীন প্ৰত্যাহ্বান আৰু ল’বলগীয়া সমাধান সন্দৰ্ভত আলোচনা হয় । দুয়োগৰাকী নেতাই ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পৰৱৰ্তী বৈঠকৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে ।

লগতে পঢ়ক :পাকিস্তানত পি এম এল-এন আৰু পি পি পিৰ মাজৰ চৰকাৰ গঠনৰ বৈঠক স্থগিত

ABOUT THE AUTHOR

...view details