ETV Bharat / international

পাকিস্তানত পি এম এল-এন আৰু পি পি পিৰ মাজৰ চৰকাৰ গঠনৰ বৈঠক স্থগিত

author img

By PTI

Published : Feb 16, 2024, 10:32 PM IST

Govt formation in Pakistan : চৰকাৰ গঠন চূড়ান্ত কৰাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া পাকিস্তান মুছলিম লীগ-নৱাজ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ সমন্বয় সমিতিৰ মাজত অনুষ্ঠিত হ’বলগীয়া বৈঠক পিছুৱাই দিয়া হৈছে ৷ ক্ষমতা বিভাজনৰ সূত্ৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে দ্বিতীয় ৰাউণ্ডৰ আলোচনা শনিবাৰে অনুষ্ঠিত হ’ব বুলি বাতৰিত প্ৰকাশ পাইছে ৷

Govt formation in Pakistan
পি এম এল-এন আৰু পি পি পিৰ মাজৰ বৈঠক স্থগিত

নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰী : কেন্দ্ৰত চৰকাৰ গঠন চূড়ান্ত কৰাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া পাকিস্তান মুছলিম লীগ-নৱাজ (PML-N) আৰু পাকিস্তান পিপলছ পাৰ্টিৰ (PPP) সমন্বয় সমিতিৰ মাজত অনুষ্ঠিত হ’বলগীয়া বৈঠক পিছুৱাই দিয়া হৈছে বুলি এক সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷

জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি, পি এম এল-এনৰ কমিটীয়ে দলটোৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে এই বিষয়ত এতিয়াও আলোচনা নকৰাত বৈঠক পিছুৱাই দিয়া বুলি জানিব পৰা গৈছে ৷ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে দুয়োটা দলৰ মাজত ক্ষমতা বিভাজনৰ সূত্ৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে দ্বিতীয় ৰাউণ্ডৰ আলোচনা শনিবাৰে অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে ৷

বিলাৱাল ভুট্টো-জাৰ্দাৰী নেতৃত্বাধীন পি পি পিয়ে চৰকাৰ গঠনৰ লগতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনত পি এম এল-এনক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছে, এই চৰ্তত যে নৱাজ শ্বৰীফৰ দলে ৰাষ্ট্ৰপতিৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক কাৰ্যালয়ৰ নিৰ্বাচনত তেওঁলোকক সমৰ্থন কৰিব ৷ পি পি পি আৰু পি এম এল-এনৰ যোগাযোগ আৰু সমন্বয় সমিতিৰ মাজত নিৰ্ধাৰিত দ্বিতীয় ৰাউণ্ডৰ আলোচনা বৃহস্পতিবাৰে অনুষ্ঠিত নহ’ল, কিয়নো দুয়োপক্ষই প্ৰথমখন বৈঠকত অহা প্ৰস্তাৱসমূহৰ মূল্যায়নৰ বাবে অধিক সময় বিচাৰিছিল ৷

ইয়াৰ পূৰ্বে ডন কাকতখনে প্ৰকাশ কৰা অনুসৰি ক্ষমতা ভাগ-বতৰাৰ সূত্ৰৰ ওপৰত স্পষ্টতাৰ বাবে শুকুৰবাৰে দুয়োপক্ষৰ পৰৱৰ্তী বৈঠক হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু ব্যক্তিৰ মাজত হোৱা কঠোৰ প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি সেই লোভনীয় স্থানসমূহ পূৰণ কৰিবলৈ কাৰোবাক মনোনীত কৰাটো পি পি পিৰ অধ্যক্ষ বিলোৱালৰ বাবে কঠিন প্ৰমাণিত হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷

সূত্ৰ অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইউছুফ ৰাজা গিলানীয়ে ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ তেওঁক তেওঁৰ চিনেটৰ আসন বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল, যি সূচায় যে তেওঁক চিনেটৰ অধ্যক্ষৰ স্থানৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব পাৰে ৷ ইফালে প্ৰাক্তন বিৰোধী নেতা খুৰশ্বীদ শ্বাহৰ নামো অধ্যক্ষ পদৰ বাবে প্ৰস্তুত কৰা হৈছে ৷

আনফালে পি এম এল-এন এ আন এজন প্ৰাক্তন অধ্যক্ষ আয়াজ চাদিকক এই পদৰ বাবে তেওঁলোকৰ মনোনীত ব্যক্তি হিচাপে নামাকৰণ কৰিছে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ৷ বৃহস্পতিবাৰে পি পি পিৰ অধ্যক্ষ বিলাৱালক পি পি পিৰ চি চি চিৰ সদস্যসকলে জাৰ্দাৰী হাউচত ৰাজনৈতিক দলসমূহৰ সৈতে সম্পৰ্কৰ বিষয়ে অৱগত কৰে ৷ বৈঠকত কামাৰ জামান কাইৰা, চৈয়দ মুৰাদ আলী শ্বাহ, ছাইদ ঘানি আৰু অন্যান্য নেতা সকল উপস্থিত আছিল ৷ ইফালে, পিপি-৮৯ ভক্কৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী আমিৰ মহম্মদ খানে পিপিপিত যোগদান কৰাৰ কথা ঘোষণা কৰে ৷

মঙলবাৰে পাকিস্তানৰ দুটা প্ৰধান ৰাজনৈতিক দল পি এম এল-এন আৰু পি পি পিয়ে 8 ফেব্ৰুৱাৰীৰ নিৰ্ণায়ক নিৰ্বাচনৰ পিছত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰে ৷ তেওঁলোকৰ এই পদক্ষেপৰ অৰ্থ হ’ল ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলটোৱে ক্ষমতাত নাথাকিব, যদিও ইয়াৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৰাষ্ট্ৰীয় বিধানসভাত সৰ্বাধিক আসন লাভ কৰে ৷ লগতে জিঅ’ নিউৱে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি পি টি আইৰ প্ৰতিষ্ঠাপক ইমৰাণ খানে কেন্দ্ৰত চৰকাৰ গঠনৰ বিষয়ত পি পি পিৰ সৈতে আলোচনাত মিলিত হ’বলৈ সন্মত হৈছে ৷

অৱশ্যে পিপিপিৰ তথ্য সম্পাদক ফৈছাল কৰিম কুণ্ডীয়ে কয় যে পি টি আইয়ে এই পৰ্যন্ত ৰাজনৈতিক মিত্ৰতাৰ বাবে পি পি পিৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই ৷ পি টি আইয়ে পি পি পিকে ধৰি সকলো ৰাজনৈতিক শক্তিৰ সৈতে যোগাযোগ কৰাৰ কথা ঘোষণা কৰিছিল যদিও দলটোৱে এতিয়াও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাই বুলিও তেওঁ কয় ৷ যদি পি টি আইৰ কিবা পৰামৰ্শ আছে তেন্তে ছয়জনীয়া সমন্বয় সমিতিখনক সাক্ষাৎ কৰিব লাগে আৰু তাৰ পিছত এই পৰামৰ্শসমূহ শীৰ্ষ নেতৃত্বৰ ওচৰলৈ বিবেচনাৰ বাবে আহিব বুলিও তেওঁ লগতে কয় ৷

লগতে পঢ়ক : নৱাজ শ্বৰীফৰ দললৈ সমৰ্থন পিটিআই সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.