ইণ্টাৰনেচনেল ডেস্ক, ৫ মাৰ্চ : মানৱ অধিকাৰ সংগঠনৰ দুটা গোটে মঙলবাৰে কয় যে ইৰাণে অতি আচৰিতভাৱে যোৱা বছৰ কমেও ৮৩৪ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰে । এইটো হৈছে ২০১৫ চনৰ পিছত সৰ্বাধিক মৃত্যুদণ্ডৰ সংখ্যা । উল্লেখ্য যে ইছলামিক গণৰাজ্যখনত শেহতীয়াভাৱে মৃত্যুদণ্ডৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । শেহতীয়া বছৰবোৰত ইৰাণে ফাঁচি দি কৰা মৃত্যুদণ্ডৰ সংখ্যা ২০২২ চনত প্ৰায় ৪৩ শতাংশ বৃদ্ধি পাইছিল ।
নৰৱেস্থিত ইৰাণ হিউমেন ৰাইটছ (আইএইচআৰ) আৰু পেৰিছস্থিত টুগেদাৰ এগেইনষ্ট দ্য ডেথ পেনাল্টিয়ে যুটীয়া প্ৰতিবেদনত কয় যে ২০১৫ চনত ৯৭২ টা মৃত্যুদণ্ডৰ পিছত এটা বছৰত ৮ শতাধিক মৃত্যুদণ্ডৰ ঘটনা ৰেকৰ্ড কৰা হৈছে ।
দলটোৱে লগতে ইৰাণৰ ওপৰত মৃত্যুদণ্ড ব্যৱহাৰ কৰি সমগ্ৰ সমাজত ভয় বিয়পোৱাৰো অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাহচা আমিনীৰ আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ ফলত সংঘটিত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষক জোকাৰি গৈছিল ।
আইএইচআৰৰ সঞ্চালক মাহমুদ আমিৰী-মোঘদ্দামে প্ৰতিবেদনখনত কয়, "সামাজিক ভয় জাগ্ৰত কৰাটো হৈছে শাসনৰ ক্ষমতা ধৰি ৰখাৰ একমাত্ৰ উপায় । আৰু মৃত্যুদণ্ড হৈছে ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি ।" প্ৰতিবেদনখনত আইএইচআৰৰ সঞ্চালক মাহমুদ আমিৰী-মোঘদ্দামে লগতে মৃত্যুদণ্ডৰ ৮৩৪ সংখ্যাটোক 'আশ্চৰ্যকৰ সংখ্যা' বুলিও বৰ্ণনা কৰে ।
উল্লেখ্য, ইৰাণে ২০২২ চনৰ প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে জড়িত গোচৰত নজন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছে । ইয়াৰ ভিতৰত আছে ২০২২ চনত দুজন, ২০২৩ চনত ছয়জন আৰু ২০২৪ চনত এতিয়ালৈকে এজনক মৃত্যুদণ্ড বিহা হৈছে বুলি মানৱ অধিকাৰ গোটসমূহে প্ৰকাশ কৰিছে ।