শাক অসমীয়াৰ প্ৰিয় খাদ্য ৷ অসমৰ জলবায়ুও অৱশ্যে শাকৰ খেতিৰ বাবে অতি উপযোগী ৷ সেয়েহে বছৰৰ সকলো সময়তে এই অসমত ভিন্ন প্ৰকাৰৰ শাক পোৱা যায় ৷ প্ৰয়োজন অনুসাৰে কেঁচাই চাটনিৰ ৰুপত, কেতিয়াবা ভাজি-তৰকাৰীৰ ৰূপত আৰু ৰস উলিয়াই ইচ্ছানুযায়ী প্ৰস্তুত দ্ৰব্যৰ ৰূপত শাকক ব্যৱহাৰ কৰা হয় ৷
দীৰ্ঘদিনৰ পৰা অসমত কিছুমান শাকক বিশেষভাৱে ঔষধি গুণসম্পন্ন বুলি জ্ঞাত হোৱাৰ পিছত তেনে শাকক প্ৰত্যক্ষভাৱে ঔষধ হিচাপে ব্যৱহাৰৰো পথ মুকলি হৈছে ৷ তাৰ ভিতৰত চিৰতা, দোৰোণ, মছন্দৰি, ভেদাইলতা আৰু তুলসীৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷ আজি আমি ইয়াৰে ভিতৰত তিনি শাকৰ গুণকাৰী দিশৰ বিষয়ে আলোচনা কৰিম ৷
কলমৌ শাক:
- বসন্ত ৰোগৰ সৈতে প্ৰতিৰোধ কৰাত কলমৌ শাকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
- জণ্ডিছ ৰোগীয়ে কলমৌৰ আগ বা পাত গাখীৰৰ লগত মিহলাই খালে আৰোগ্য লাভ কৰিব পৰা যায় ৷
- নিদ্ৰাহীনতা দূৰ কৰে ৷
- আনহাতে, মাতৃদুগ্ধ কম হ’লে ঘিউৰ লগত এই শাক মিশ্ৰণ কৰি খালে মাকৰ গাখীৰ বেছি হয় ৷
- স্নায়ু দুৰ্বল, ধাতু দুৰ্বল আৰু যৌন ব্যাধি দূৰ কৰে ৷