চিটাৰা ডেস্ক, 15 এপ্ৰিল :14 এপ্ৰিলৰ পুৱা প্ৰায় পাঁচ বজাত বলীউডৰ অভিনেতা ভাইজানখ্যাত ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ বাহিৰত দুই আততায়ীয়ে মটৰ চাইকেলেৰে আহি চাৰি জাঁইকৈ গুলীচালনা কৰে ৷ এই সমগ্ৰ ঘটনা শ্বুটাৰদ্বয়ে হেলমেট পিন্ধি সংঘটিত কৰিছিল ৷ ইয়াৰ পিচতে অনমোল বিষ্ণয়ে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি ফেচবুকযোগে এক পোষ্ট শ্বেয়াৰ কৰিছিল ৷ তাৰ পিচতে আৰক্ষীয়ে চিচি টিভি ফুটেজ নীৰিক্ষণ কৰি এই ঘটনা পূৰ্বপৰিকল্পিত বুলি অভিহিত কৰিছিল ৷ আৰক্ষীয়ে এই প্ৰতিবেদনত দাবী কৰিছে যে দুয়ো শ্বুটাৰ কুখ্যাত লৰেন্স বিষ্ণই দলৰ সদস্য ।
আন্তৰ্জাতিক ষড়যন্ত্ৰ
অভিনেতাল ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰা এই সমগ্ৰ ঘটনা চলচ্চিত্ৰৰ পটৰ দৰে লাগিছে ৷ এই পৰিকল্পনা আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল, য'ত ৰোহিত গোদাৰা নামৰ এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুণ্ডাক লৰেন্স বিষ্ণইৰ ভাতৃ অনমোল বিষ্ণইক শ্বুটাৰ বাচনি কৰাৰ দায়িত্ব দিয়া হৈছিল । পঞ্জাৱী শিল্পী সিদ্ধু মুছেৱালা আৰু ৰাজনীতিবিদ আৰু কৰ্ণী সেনাৰ কমাণ্ডাৰ সুখদেৱ সিং গোগামেদীকে ধৰি একাধিক হাই-প্ৰফাইল হত্যাকাণ্ডৰ গোচৰত জড়িত থকাৰ বাবে লৰেন্স বিষ্ণইক বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ।
ঘটনাৰ পৰৱৰ্তী সময়ত অনমোল বিষ্ণয়ে ঘটনাটোৰ দায়িত্ব লৈ ফেচবুকত অভিনেতাগৰাকীক ভাবুকি প্ৰদান কৰিছিল ৷ আৰক্ষীয়ে পোষ্টটোৰ আই পি ঠিকনা নীৰিক্ষণ কৰি কানাডালৈ ট্ৰেক কৰিছিল । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি ফেচবুক পৃষ্ঠাটো বনাবলৈ দলটোৱে ভি পি এন ব্যৱহাৰ কৰিছিল ৷
পুলিচে এটা শ্বুটাৰক চিনাক্ত কৰে
শেহতীয়াকৈ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এটা শ্বুটাৰক বিশাল অথবা কালু নামেৰে চিনাক্ত কৰে ৷ চিচি টিভি ফুটেজ নীৰিক্ষণ কৰি কালুক চিনাক্ত কৰা হৈছিল । গুৰুগ্ৰামৰ ব্যৱসায়ী শচীন মুঞ্জালৰ হত্যাৰ সন্দৰ্ভত বিশালক বিচাৰি থকা হৈছিল । গোদাৰাই মুঞ্জালক হত্যা কৰাৰ কথা স্বীকাৰ কৰিবলৈ এনেদৰে এটা ছ'চিয়েল মিডিয়া পোষ্ট ব্যৱহাৰ কৰা হৈছিল ৷ পূৰ্বপৰিকল্পিত এই হিংসাত্মক ঘটনাৰ সৈতে বিশাল জড়িত থকাৰ ইংগিত বহন কৰিছে আৰক্ষীয়ে ৷