Suspected rhino horn seized : যোৰহাটত গড়ৰ সন্দেহজনক খৰ্গসহিত দুজনক আটক

By

Published : Mar 8, 2022, 10:05 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

যোৰহাটত পুলিবৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে এটা গড়ৰ এটা সন্দেহজনক খৰ্গ(Rhino horn seized in Jorhat) ৷ পুলিবৰ আৰক্ষী থানাৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইৰ নেতৃত্বত চলোৱা এক অভিযানত এটা গড়ৰ খৰ্গৰ লগতে আটক কৰা হয় তিতাবৰৰ চুৰিয়া হাজৰিকা (৪২) আৰু বলোৰাম ভূঁঞাক ৷ অভিযোগ মতে, বিক্ৰী কৰাৰ বাবে খৰ্গটো পশ্চিম যোৰহাটৰ মহবন্ধাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ নি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰে যুৱক দুজনক ৷ সম্প্ৰতি পুলিবৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে ধৃত যুৱকদ্বয়ক জেৰা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে (Suspected rhino horn seized at Pulibor) ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.