জোনাইত উজনি বিজয়পুৰত গাঞ্জাসহ আটক দুই যুৱক

By

Published : Aug 26, 2022, 9:09 AM IST

thumbnail

জোনাইত গাঞ্জাসহ আটক দুই যুৱক (Youths arrested with Ganja) ৷ বৃহস্পতিবাৰে জোনাইৰ উজনি বিজয়পুৰত গাঞ্জাসহ আটক কৰা হয় ভাং সৰবৰাহকাৰী যুৱক দুজনক । জানিব পৰা মতে, জোনাইৰ উজনি বিজয়পুৰ গাঁৱৰ মৰিশালিত দুজন যুৱকে ভাং খাই থকা অৱস্থাত আটক কৰে স্থানীয় ৰাইজে । আটকাধীন দুই যুৱকৰ পৰা ৰাইজে উদ্ধাৰ কৰে ১০৪ গ্ৰাম ভাং, ভাং খোৱা সামগ্ৰী ৷ লগতে যুৱক দুজনৰ পৰা জব্দ কৰে এখন বাইক আৰু দুটা মবাইল ফোন । পিছত ৰাইজে যুৱক দুজনক গতাই দিলে জোনাই আৰক্ষীক । ধৃত দুই যুৱক ক্ৰমে অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ পাঁচমাইলৰ ৰাম থাপা আৰু হেমান সোনাৰ বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.