Incident of assault on journalist: মহিলা সাংবাদিক আক্ৰমণকাৰীক জেললৈ প্ৰেৰণ

By

Published : Oct 15, 2022, 6:21 PM IST

thumbnail

বৃহস্পতিবাৰে যোৰহাট নগৰৰৰ কচুৰি গলিত দীপাৱলীৰ প্ৰস্তুতি সম্পৰ্কত বাতৰিৰ বাবে দৃশ্যগ্ৰহন কৰিবলৈ যোৱা সাংবাদিকৰ মোবাইল কাঢ়ি লোৱাৰ লগতে প্ৰিয়কা সেনাপতি নামৰ মহিলা সাংবাদিকক গৰাকীক গতিয়াই আৰু প্ৰহাৰ কৰি হাত ভাঙি দিয়া বিৰ্তকিত ব্যৱসায়ী অংকুৰ গুপ্তাক শনিবাৰে যোৰহাট আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে(Businessman sent to jail) । বিতৰ্কিত ব্যৱসায়ী অংকুৰ গুপ্তাক বিভিন্ন দল সংগঠন আৰু সচেতন নাগৰিকৰ প্ৰতিবাদৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয় যোৰহাট আৰক্ষী প্ৰশাসন । উল্লেখযোগ্য যে বিৰ্তকিত ব্যৱসায়ী তথা এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পালি নেতা অংকুৰ গুপ্তাই যোৰহাট কচুৰি গলিত থকা বস্ত্ৰ উদ্যোগত প্ৰশাসন অনুমতি অবিহনে ফটকা আৰু আতচবাজী বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰি সেই স্থানত উপস্থিত হৈছিল মহিলা সাংবাদিক প্ৰিয়ংকা সেনাপতি আৰু তেওঁ সৰ্তীৰ্থ দুজন(Lady journalist attaked in Jorhat) । তেওঁলোকে অংকুৰ গুপ্তাৰ বিপনীৰ ভিডিঅ সংগ্ৰহ কৰা থকা দেখি বিৰ্তকিত ব্যৱসায়ী অংকুৰ গুপ্তাই তেওঁলোকৰ মোবাইল, কেমেৰা কাঢ়ি লোৱা লগতে মহিলা সাংবাদিক গৰাকীক অশ্লীল গালি গলাজ কৰাৰ উপৰিও তেওক গতিয়াই প্ৰহাৰ কৰাৰ ফলত হাতত গুৰুতৰভাৱে আঘাত পাইছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.