ভোটাৰক সজাগ কৰিবলৈ বৰপেটাত বাটৰ নাট

By

Published : Oct 10, 2022, 8:21 PM IST

thumbnail

ভাৰতীয় নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ (Aadhaar link with voter card)ৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সমগ্ৰ দেশজুৰি এতিয়া ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ কাম অব্যাহত আছে ৷ ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ প্ৰতি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে সোমবাৰে বৰপেটাৰ বিভিন্ন স্থানত বাটৰ নাট পৰিবেশন কৰে (Awareness for Aadhaar linking with voter card) ৷ বৰপেটাৰ লগতে সৰ্থেবাৰী, বহৰি, নগাঁও, ভেল্লা আদি স্থানতো সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে (State Election Commission) । ইপিনে বৰপেটা জিলা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই জনোৱা অনুসৰি ইতিমধ্যে বৰপেটাত ৭৫ শতাংশ ভোটাৰৰ নামৰ সৈতে আধাৰ সংযোগ কৰা হৈছে ৷ বাকী থকা ২৫ শতাংশ কাম সম্পূৰ্ণ কৰাৰ বাবে এইদৰে সজাগতাৰ প্ৰয়াস চলাই থকা হৈছে বুলি মন্তব্য নিৰ্বাচনী বিষয়াৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.