নাৰায়ণপুৰৰ ধলপুৰত গৰু ভৰ্ত্তি ট্ৰাক জব্দ

By

Published : Jun 23, 2022, 6:24 PM IST

thumbnail

ৰাজ্য়ত অব্যাহত গৰুৰ চোৰাং বেহা(Cattle Smuggling in Assam) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই চলাই গৈছে গৰুৰ চোৰাং বেহা(Illegal Cattle Smuggling at Lakhimpur) । বিগত সময়ত জিলাখনৰ বিহপুৰীয়া, বঙলমৰা, বান্দৰদেৱা, নাৰায়ণপুৰ, ধলপুৰ আদিত আৰক্ষীয়ে গৰুভৰ্ত্তি বাহনসহ বহু কেইটা গৰুৰ চোৰাং ব্যৱসায়ীক আটক কৰিছে । তথাপিও এই চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হোৱা নাই লখিমপুৰ জিলাৰ আৰক্ষী ।বৃহস্পতিবাৰে পুনৰ জিলাখনৰ নাৰায়ণপুৰৰ ধলপুৰত আৰক্ষীয়ে জব্দ কৰিলে ১৮ টাকৈ গৰু । গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত মৰিগাঁৱৰ পিংকু ডেকা নামৰ এজন গৰু বেপাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । গোগামুখৰ পৰা নগাঁৱৰ ৰূপহীলৈ নি থকাৰ পথতে বিহপুৰীয়া আৰু ধলপুৰ আৰক্ষীৰ যৌথ অভিযানত AS01 EC 2571 নম্বৰৰ ট্ৰাকখনত অনা গৰু কেইটা জব্দ কৰে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.