Road accident in Udalguri: ওদালগুৰিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Apr 29, 2022, 9:25 PM IST

thumbnail
()

ওদালগুৰিৰ ভেৰগাঁ‌ওঁ টোটলাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Udalguri) ৷ ফলত সাতজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ বৃহস্পতিবাৰে ওদালগুৰিৰ ডিমাকুছিৰ পৰা "ছালমা" নামৰ বাছখনে যাত্ৰীসহ ডিমাকুছি- ভেৰগাঁ‌ও পথৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল বাছখন ৷ চালকজনৰ অতপালিৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি বাছখনৰ যাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে । এই দুৰ্ঘটনাৰ ফলত সাতজনকৈ লোক আহত হয় (Seven people injured in road accident) ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি চালক গৰাকী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.