দূৰ্গা পূজাৰ পূৰ্বে টিংখাঙত মৃৎ শিল্পীৰ ব্যস্ততা

By

Published : Sep 26, 2022, 12:49 PM IST

thumbnail

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্ত চলিছে পূজাৰ প্ৰস্তুতি ৷ পূজাৰ প্ৰাক মুহূৰ্তত যেন এতিয়া ব্যস্ততাৰ অন্ত নাই মৃৎ-শিল্পী সকলৰ ৷ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ মৃন্ময় প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল (Potters busy in Assam) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিংখাঙতো দেখা পোৱা গৈছে একেই পৰিৱেশ (Durga Puja Preparation at Tingkhong) । টিংখাঙৰ কেন্দুগুৰিৰ অজিত বৰুৱা নামৰ খনিকৰজন এতিয়া দিনে-নিশাই দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত (Potters busy at Tingkhong) । একোটা প্ৰতিমা প্ৰায় ৩৫-৪০ হাজাৰ টকাত বিক্ৰী কৰি নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ ওপৰিও অন্য চাৰিজন থলুৱা লোকক নিয়োজিত কৰিবলৈ সক্ষম হৈছে মৃৎ শিল্পীজনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.