Poor ferry service in Karimganj: নিমাতী ঘটনাৰ পৰা শিক্ষা নাপালে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে

By

Published : Sep 8, 2022, 10:45 PM IST

thumbnail

আজি অৰ্থাৎ 8 ছেপ্টেম্বৰত এবছৰ হ’ল শোকাৱহ নিমাতী কাণ্ডৰ (Majuli Nimatighat Ferry accident) ৷ তথাপিও আজি পৰ্যন্ত সেই ভয়াবহতাৰ পৰা যেন ওলাই আহিব পৰা নাই ৰাজ্যবাসী (Ferry accident on Brahmaputra at Nimatighat) ৷ কিন্তু এই শোকাৱহ কাণ্ডৰ পৰাও যেন শিক্ষা নাপালে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷ সম্প্ৰতি কৰিমগঞ্জত নদী পৰিৱহণৰ আন এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে ৷ জিলাখনৰ ভাংগা এলেকাত কুশিয়াৰা নৈৰ ওপৰতো অত্যন্ত বিপদসংকুলভাৱে চলা নাও সেৱাই শংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ কিয়নো যিকোনো মূহুৰ্ততে মাজুলীৰ দৰে কৰিমগঞ্জৰ পৰা কাছাৰ জিলা সংযোগী ফেৰীঘাটতো হ’ব পাৰে অকল্পনীয় এক অঘটন (Karimganj Cachar Ferry service) ৷ তথ্য অনুসৰি কৰিমগঞ্জৰ ভাংগা এলেকাত কুশিয়াৰা নৈৰ ওপৰত থকা ফেৰীঘাটত নাও চলাই এজন কিশোৰে ৷ 13 বছৰ বয়সৰ পৰা চলাই অহা এই কিশোৰজনৰ নাওখনত নাই কোনো লাইফ জেকেটৰ সুবিধা (Infrastructure of Karimganj Ferry services) ৷ এইক্ষেত্ৰত যেন চকু মুদা কুলিৰ ভাও ধৰিছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷ উল্লেখ্য যে, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত আৰম্ভ হৈছিল এই ফেৰী সেৱা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.