মৰাণত ৰন্ধন গেছ ভৰ্তি ট্ৰাক জব্দ মৰাণ আৰক্ষীৰ

By

Published : Aug 22, 2022, 10:38 PM IST

thumbnail

উজনিত সক্ৰিয় চোৰাং ৰন্ধন গেছ ব্যৱসায় চক্ৰ । উজনি অসমৰ মৰাণত সঘনাই উদ্ধাৰ হৈছে চোৰাং ৰন্ধন গেছ ভৰ্তি ছিলিণ্ডাৰ (Police seized truck loaded LPG Cylinder)। মৰাণত দেওবাৰে নিশা ১ বজাত এখন গৰাকীবিহীন ৫৩ টা ঘৰুৱা ৰন্ধন গেছ ভৰ্তি ছিলিণ্ডাৰ সহ AS 01 HC 9718 নম্বৰৰ এখন LPG কঢ়িয়াই অনা ট্ৰাক নাহৰণি দিহিঙীয়া গাঁৱৰ পৰা মৰাণ আৰক্ষীৰ এটা দলে জব্দ কৰে । কি সন্দৰ্ভত ট্ৰাকখন দিহিঙ্গীয়া গাঁৱত গৰাকীবিহীন ভাৱে আছিল এই সন্দৰ্ভত মৰাণ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, যোৱা কিছুদিনৰ পূৰ্বে মৰাণ আৰক্ষীয়ে নাহৰণি বৰবাম গাঁৱৰ পৰা গেছ চুৰি কৰি থকা অৱস্থাত এখন ট্ৰাক জব্দ কৰিছিল । পুনৰ সেই একেই অঞ্চলৰ পৰা ৰন্ধন গেছ ভৰ্তি ছিলিণ্ডাৰ সহ ট্ৰাক উদ্ধাৰ হোৱাত ঘটনাৰ লগত বৃহৎ চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.