পথাৰ এৰি পথত ভূঁই ৰূই প্ৰতিবাদ নাজিৰাত

By

Published : Jun 19, 2022, 3:25 PM IST

thumbnail

চৰকাৰ আহে চৰকাৰ যায়, পথৰ বোকা পথতেই ৰৈ যায় । একাঁঠু বোকা গচকি দীৰ্ঘদিনে যাতায়ত কৰা শিৱসাগৰ জিলাৰ নাজিৰাৰ দেওঘৰীয়া দুৱৰা পথচোৱা নিৰ্মাণৰ দাবীত ৰাইজে ভূঁই ৰুই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । নাজিৰাৰ বৰফুকন পঞ্চায়তৰ অন্তৰ্গত দেওঘৰীয়া দুৱৰা আলিটোৰ জৰাজীৰ্ণ ৰূপে ৰাইজক যাতায়াতত দীৰ্ঘদিনে জলা কলা খুৱাই আহিছে(Poor condition of Nazira Road) । ৰাইজে স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াক পথটোৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল যদিও পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিধায়কগৰাকীয়ে ৷ বাৰিষা অহাৰ লগেলগে পথটোৱে এতিয়া পথাৰ সদৃশ ৰূপ লোৱাত ৰাইজৰ যাতায়াতত ভীষণ সমস্যাৰ সৃষ্টি হৈছে ৷ সেয়ে জৰাজীৰ্ণ পথচোৱা নিৰ্মাণ নকৰাৰ বাবে ৰাইজ ওলাই আহি পথত ভূই ৰুই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.