Road accident at Kalgachia : গুৰুতৰভাবে আহত বাইক চালক

By

Published : May 30, 2022, 12:44 PM IST

thumbnail

কলগাছিয়াৰ দেৱকুৰাত নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা, যি দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন বাইক চালক(One Injured in Road accident at Kalgachia) ৷ আহত চালকজন বলাইপাথাৰৰ গাঁৱৰ উছমান আলীৰ পুত্ৰ হাশ্বেম আলী ওৰফে বাবু ৷ জানিব পৰা মতে, খৰিচালাৰ পৰা কলগাছিয়া অভিমুখী AS15 S 3621 নম্বৰৰ Hero বাইক এখন তীব্ৰবেগে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দেৱকুৰাত সংঘটিত হয় এই দুৰ্ঘটনা । আহত লোকজনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ কিন্যতু তেওঁৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ কাৰণে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । আহত লোকজনে নিচাসক্ত অৱস্থাত থকা বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.