মৰাণৰ এটা হত্যাকাণ্ড: হত্যাকাৰী বন্ধুৰ অকপট স্বীকাৰোক্তি

By

Published : Sep 20, 2022, 11:00 PM IST

thumbnail

এটা হত্যাকাণ্ড (Murder in Moran) ৷ যি হত্যাকাণ্ডৰ ফলত মৰাণত সৃষ্টি হৈছিল ব্যাপত চাঞ্চল্যৰ । বিশ্বকৰ্মা পূজাৰ নিশা মৰাণৰ সমীপৰ ডোমৰদলং চাহ বাগিচাৰ জুটুলিটিং শাখাত সংঘটিত হৈছিল এই হত্যাকাণ্ড । হত্যাকাণ্ড সংঘটিত কৰি ৰাজপথত পেলাই থৈছিল প্ৰবীণ মাঝিৰ মৃতদেহ । সেই হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰিলে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীয়ে ৷ মাত্ৰ এহেজাৰ টকাৰ বাবেই বন্ধুয়ে বন্ধুক হত্যা কৰাৰ ভয়ংকৰ স্বীকাৰোক্তি গোবিন গড়েৰ (Friend killed friend in Moran) । কলম কটা দাৰে গোবিন গড়ে হত্যা কৰিছিল প্ৰবীণ মাঝিক । ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে কলম কটা দা খন । উল্লেখ্য যে, গোবিন গড়েক (২৮) নং 63/2022 নম্বৰত গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.