বটদ্ৰৱাৰ ৰাইডঙীয়াত কাতি বিহু উদযাপন

By

Published : Oct 18, 2019, 4:55 PM IST

thumbnail

অসমীয়াৰ বাপতি সাহোন বিহুৰ অন্যতম কাতি বিহু ৷ অসমীয়াৰ বাপতি সাহোন কাতি বিহুক লৈ যেন উছাহৰ অন্ত নাই বটদ্ৰৱাৰ ৰাইডঙীয়াত ৷ সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাৰ ৰাইডঙীয়াত উলহ মালহেৰে পালন কৰা কৰা হৈছে কাতি বিহু। নগাঁও জিলা বিহু সুৰক্ষা সমিতি আৰু বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত ৰাইডঙীয়াৰ বৰ ৰাইডঙীয়া পথাৰত পৰম্পৰাগত টেঙা খোৱা পৰ্ব উৎযাপন কৰা হয় ৷ কণ কণ শিশুৰ পৰা আশীৰ উৰ্ধৰ বৃদ্ধও ৰাইডঙীয়া পথাৰৰ সেউজীয়া ধাননীৰ কাষৰ নৈসৰ্গিক পৰিৱেশত ঢোলৰ তালে তালে এপাক নাচি আৰু বিহু গীত জুৰি আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰে এই কাতি বিহু ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.