শিৱসাগৰত নতুন প্ৰজন্মৰ ভোটাৰৰ ৰাইজৰ দলত যোগদান

By

Published : Mar 17, 2021, 7:51 PM IST

thumbnail

শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কাৰাৰুদ্ধ অখিল গগৈৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৰাইজৰ দলে । ৰাইজৰ দলৰ বহুসংখ্যক সদস্যই শিৱসাগৰ সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ লগতে ৰাইজৰ দলত নতুন নতুন যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে । বুধবাৰে ৰাইজৰ দলৰ শিৱসাগৰ নগৰৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত প্ৰায় ৫০ গৰাকী নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাইজৰ দলত যোগদান কৰে । অখিল গগৈৰ দেশ-জাতিৰ প্ৰতি সংগ্ৰাম প্ৰত্যক্ষ কৰি এই সকল নতুন প্ৰজন্মই আজি ৰাইজৰ দলত যোগদান কৰে। উল্লেখযোগ্য যে, শিৱসাগৰ সমষ্টিত এইবাৰ প্ৰায় তিনি হাজাৰ নতুন ভোটাৰ অন্তৰ্ভুক্ত হৈছে আৰু এই সকল ভোটাৰে আগন্তুক নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা বা বিবেক ভোট প্ৰদান কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.