Independence Day parade: তেজপুৰ নেহৰু মৈদানত স্বাধীনতা দিৱসৰ পেৰেড অনুশীলন

By

Published : Aug 11, 2022, 3:46 PM IST

thumbnail

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৪টা দিন(75th Independence Day) । সময় চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন জিলাৰ সদৰসমুহত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক হাৰত পেৰেড অনুশীলন দেখা গৈছে । ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ । তেজপুৰ নেহৰু মৈদানত জিলা প্ৰশাসনে আকৰ্ষণীয় ভাবে স্বাধীনতা দিৱস উদযাপনৰ বাবে পেৰেড অনুশীলন অব্যাহত ৰাখিছে । বিগত দুটা বছৰত স্বাধীনতা দিৱস উদযাপনৰ পেৰেডত দেশত কভিড মহামাৰীৰ বাবে পেৰেড অনুশীলনত অংশগ্ৰহণ কৰা লোক আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছিল । কিন্তু দুবছৰৰ মূৰত এইবাৰ তেজপুৰত NCC ৰ দলে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিব । আনহাতে সশস্ত্ৰ বাহিনীৰ ৫ টা বাহিনীৰ দলে আই টি বি পি, এছ এছ বি, অসম আৰক্ষী, গৃহৰক্ষী আৰু অসম ইণ্ডাষ্ট্ৰিয়েল বাহিনীয়ে অংশগ্ৰহণ কৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.