Ujjwal Bharat Ujjwal Bhavishya: বোন্দাত বিজুলী মহোৎসৱ উদযাপন

By

Published : Jul 27, 2022, 10:55 PM IST

thumbnail

মহানগৰীৰ বোন্দা চপাইদাঙত কামৰূপ মহানগৰ জিলা পৰিষদ আৰু অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ উদ্যোগত ৰাষ্ট্ৰীয় শক্তি প্ৰশিক্ষণ কেন্দ্ৰ, গুৱাহাটীৰ সহযোগত 'বিজুলী মহোৎসৱ' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়(Electricity Festival held at Bonda in Guwahati)। অনুষ্ঠানটো উজ্জল ভাৰত উজ্জল ভৱিষ্যত(Ujjwal Bharat Ujjwal Bhavishya) POWER@2047ৰ অন্তৰ্গত হিচাপে অনুষ্ঠিত কৰা হয় । শক্তি বিতৰণ বিভাগৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডত হোৱা সাফল্য আৰু শক্তিৰ পুনৰ নবীকৰণৰ সন্দৰ্ভত ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটিৰ আয়োজন কৰা হয় । অনুষ্ঠানটিৰ জৰিয়তে ৰাষ্ট্ৰীয় শক্তি প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক গৰাকীয়ে উল্লেখ কৰে যে, ২০১৪ চনৰ পৰা আজিলৈকে ১,৬৩,০০০ চাৰ্কিট কিলোমিটাৰ সৰবৰাহ লাইনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি সমগ্ৰ দেশকে একেটা গ্ৰিডেৰে সংলগ্ন কৰি লেহ লাডাখৰ পৰা কন্যাকুমাৰীলৈ, কচ্ছৰ পৰা ম্যানমাৰৰ সীমালৈকে গ্ৰীডৰ সম্প্ৰসাৰণ কৰা হয় । ২০১৭ চনত সৌভাগ্য যোজনাৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিজুলী বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । ফলত এতিয়া ঘৰে ঘৰে বিজুলী যোগান ধৰা হৈছে বুলিও উল্লেখ কৰে বিষয়া গৰাকীয়ে । ইফালে, অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা(MLA Atul Bora at Electricity Festival)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.