শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ধেমাজিত উখল মাখল পৰিৱেশ

By

Published : Oct 3, 2022, 9:30 AM IST

thumbnail

শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ (Durga Puja in Assam) ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা (Durga Puja 2022) ৷ শংখ, ঘণ্টা, মাংগলিক ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌপাশ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে অৰ্থাৎ মহাসপ্তমীৰ দিনা ধেমাজিতো দেখা গ’ল এক উখল-মাখল পৰিৱেশ (Durga Puja Celebrates in Dhemaji) ৷ দেৱী নৱপত্ৰিকা প্ৰৱেশ আৰু দেৱীক বেদীত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছতে পুৱাৰ ভাগৰে পৰা আৰম্ভ হয় সপ্তমী বিহিত পূজা ৷ আনহাতে দিনৰ তুলনাত নিশাও ধেমাজি নগৰত অগণন ভক্ত দৰ্শনাৰ্থীয়ে পূজা মণ্ডপসমূহত ভিৰ কৰা পৰিলক্ষিত হয় । আনহাতে ধেমাজি নগৰত এইবাৰ মুঠ ১৩ টা স্থানত আয়োজন কৰা গৈছে পূজা ৷ বিশেষকৈ ধেমাজি নগৰৰ সাৰ্বজনীন নলনিপাম পূজা মণ্ডপকে ধৰি ঐতিহ্যমণ্ডিত বিষ্ণু মন্দিৰ সাৰ্বজনীন পূজাৰ মণ্ডপত পুৱাভাগৰে পৰা নিশালৈকে মা'ৰ চৰণত আশীষ ল’বলৈ অগনন ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.