নুনমাটিত অগ্নিপথ আচঁনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ: আৰক্ষীয়ে চোঁচৰাই নিলে প্ৰতিবাদকাৰীক

By

Published : Jun 27, 2022, 9:30 PM IST

thumbnail

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ ( Agnipath scheme) বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত আব্যহত আছে প্ৰতিবাদৰ জোৱাৰ । অগ্নিপথ আঁচনিৰ জৰিয়তে দেশৰ নিবনুৱা যুৱক সমাজৰ ভৱিষ্যত ধ্বংস কৰিবলৈ ওলোৱা বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যৰ বিভিন্ন সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছে সত্যগ্ৰহ কার্যসূচী ৰূপায়ণ কৰে । দিছপুৰ সমষ্টিৰ অন্তৰ্গত নুনমাটি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছৰ মনজিৎ মহন্তৰ নেতৃত্বত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয় (Congress protest against Agnipath scheme in Guwahati) । কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ প্ৰকল্পৰ বিৰোধিতাৰে শান্তিপূৰ্ণভাবে সত্যাগ্ৰহ কাৰ্যসূচী চলি থকাৰ মাজতে প্ৰতিবাদীকাৰীৰ ওপৰত জপিয়াই পৰে আৰক্ষী । ইয়াক লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰ মাজত তৰ্কৰ সৃষ্টি হয় । স্থানীয় নুনমাটি আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা আটক কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্ত, গোপাল শৰ্মা প্ৰমুখ্যে কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মীক (Guwahati police arrested protesters) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.