বকো-ছয়গাঁৱত অগ্নিপথ আঁচনিৰ প্ৰতিবাদ কংগ্ৰেছৰ

By

Published : Jun 27, 2022, 9:48 PM IST

thumbnail

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ (Agnipath Scheme) বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত আব্যহত আছে প্ৰতিবাদৰ জোৱাৰ । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বাহিনীৰ নিযুক্তি সম্পৰ্কত বলবৎ কৰিব বিচৰা 'অগ্নিপথ' আঁচনিৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ দলে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে । সোমবাৰে বকোৰ ৰাজীৱ ভৱনত বকো আৰু ছমৰীয়া ব্লক কংগ্ৰেছৰ আহ্বানত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Congress protest against Agnipath Scheme at Boko) । ইফালে ছয়গাওঁ সমষ্টিৰ বনগাঁৱত কংগ্ৰেছ দলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী (Congress protest against Agnipath Scheme at Chhaygaon) । কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বকোৰ বিধায়িকা নন্দিতা দাসো উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.