CM Himanta meets Nilmani Phookan: কবি নীলমণি ফুকনৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Dec 16, 2021, 2:08 PM IST

Updated : Dec 16, 2021, 2:46 PM IST

thumbnail

বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ তৃতীয় গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক (Jnanpith Awardee poet Nilmani Phookan) স্বচক্ষে সাক্ষাৎ কৰে (CM Himanta meets Nilmani Phookan) ৷ কাব্যঋষি নীলমণি ফুকনক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবিগৰাকীৰ গুৱাহাটীৰ মালিগাঁৱৰ নীলাচলপুৰৰ বেজবৰুৱা নগৰত থকা বাসগৃহত উপস্থিত হয় । মুখ্যমন্ত্ৰীগৰাকীয়ে নীলমণি ফুকনক আৰু তেওঁৰ সহধৰ্মিণী দুলুমণি ফুকনৰ লগতে পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়, নীলমণি ফুকন জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হোৱাতো অসমবাসীৰ বাবে গৌৰৱৰ কথা ।

Last Updated : Dec 16, 2021, 2:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.