ডিমা হাছাওৰ বানে ধোৱা অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

By

Published : May 24, 2022, 2:18 PM IST

thumbnail

প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ডিমা হাছাও জিলাত আহি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM himanta biswa sarma visited flood effected area) ৷ মঙলবাৰে পুৱা বায়ুসেনাৰ হেলিকপ্তাৰযোগে জিলাখনৰ সদৰ হাফলঙত উপস্থিত(CM Himanta Biswa Sarma visits Haflong) হয়হি মুখ্যমন্ত্ৰীগৰাকী ৷ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ হাফলঙলৈ আহি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমতে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি ধ্বংস হোৱা হাফলং-লংকা সংযোগী পথটো পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে লৱাৰ হাফলঙত থকা আশ্ৰয় শিবিৰত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পৰৱৰ্তী সময়ত ভূমিস্খলন(Landslide in Dima Hasao)ত হকাই পুনজি গাঁৱৰ মৃত্যু ঘটা তিনিটা পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.