অভিলেখ ভোটত ৫২ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী গোকুল গোস্বামী

By

Published : Apr 24, 2022, 6:11 PM IST

thumbnail

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 ত ৫২ নং ৱাৰ্ডত বিজয়ী হৈছে বিজেপি দলৰ প্ৰাৰ্থী গোকুল গোস্বামী ( BJP candidate wins ward 52) ৷ বিজেপিৰ বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ১০১৬৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী জগদীশ দাসে মাত্ৰ ২১০৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, চি পি আই এমৰ প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনে ৪১৭ টা আৰু আপৰ মজিদুল আহমেদে 738 টা আৰু নিৰ্দলীয় প্ৰাৰ্থী লাক্ষী মোছাহাৰীয়ে ৭০৮ টা ভোট পাবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে নটাত পৰে ২৬৯ টা ভোট । ইফালে বিজেপি প্ৰাৰ্থী গোকুল গোস্বামীৰ এনে অভূতপূৰ্ব বিজয়ক লৈ উৎফুল্লিত হৈ পৰে এতিয়া বিজেপিৰ সমৰ্থক সকল (BJP candidate Gokul Goswami wins in GMC election)৷ আনকি বিজেপিৰ সমৰ্থক সকলে গীতানগৰৰ পৰা নাৰেংগী হৈ পাথৰকুৱাৰী লৈ এক শোভাযাত্ৰাও বাহিৰ কৰে ৷ আনহাতে, সংবাদ মাধ্যমৰ আগত ৫২ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ৱাৰ্ডবাসীৰ সমস্যা সমূহ বিজ্ঞান সন্মতভাৱে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লেখ্য যে, ৫২ নং ৱাৰ্ডত বিজয়ী প্ৰাৰ্থী গোকুল গোস্বামীৰ সৈতে অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ নবাৰুণ মেধি, কাৰ্বি স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ দিলীপ তাৰো, বিজেপি দলৰ ৫২ নং ৱাৰ্ডৰ প্ৰভাৰী দুৰ্গা শৰ্মা আদিকে ধৰি কেইবাগৰাকী বিজেপি নেতা কৰ্মী উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.