Assam CM to visit Hojai: হোজাইৰ বানৰ পৰিস্থিতি বুজ ল’বলৈ যাব মুখ্যমন্ত্ৰী

By

Published : Jul 11, 2022, 2:07 PM IST

thumbnail

সম্প্ৰতি ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও বহু ঠাই এতিয়াও পানীৰ তলতে আছে (Flood in Assam) ৷ শেহতীয়াকৈ হোজাই জিলাৰ কেইবাটাও স্থান বৰ্তমানেও পানীৰ তলত (Flood in Hojai) ৷ জিলাখনৰ বানৰ পৰিস্থিত বুজ ল’বলৈ দুদিনীয়া কাৰ্যসূচীৰে হোজাইলৈ যাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM to visit flood Affected areas in Hojai) ৷ ভ্ৰমণৰ সময়ত কপিলীৰ নৈপৰীয়া বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ আকমনক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে হোজাই জিলা প্ৰশাসনে । হোজাইৰ যোগীজান ৰাজবাৰীৰ খেলপথাৰত হেলিকপ্টাৰৰ জৰিয়তে অৱতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.