সঞ্জু দাসৰ স্মৃতিত ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সৰ্বধৰ্মীয় প্ৰাৰ্থনা

By

Published : Oct 7, 2022, 10:11 PM IST

thumbnail

অভিশপ্ত নাও দুৰ্ঘটনাত মৃত্যু হোৱা চক্ৰ বিষয়া সঞ্জু দাসৰ আত্মাৰ চিৰ শান্তি কামনাৰে ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা (All-faith prayer in Dhubri Circle office) । যোৱা ২৯ ছেপ্টেম্বৰত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত অভিশপ্ত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ (Dhubri circle officer died in boat accident) । চাৰিদিনীয়া উদ্ধাৰ অভিযানৰ অন্তত মৃত অৱস্থাত উদ্ধাৰ হৈছিল সঞ্জু দাসৰ মৃতদেহ (Circle officer Sanju Das body found) । তেতিয়াৰ পৰাই ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ । শুকুৰবাৰে প্ৰয়াত চক্ৰ বিষয়া গৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰ্থে কাৰ্যালয়টোত জিলা প্ৰশাসনৰ উদ্যোগত এখন সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । হিন্দু, মুছলমান, শিখকে ধৰি কেইবাটাও ধৰ্মৰ ধৰ্মীয় গুৰু সকলে নিজৰ নিজৰ ধৰ্মীয় নীতি নিয়মেৰে প্ৰাৰ্থনা কৰে এই সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভাত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.