বৰপেটা জিলাৰ মইনবড়িৰ গৰাখহনীয়াৰ কালৰূপ: নৈৰ বুকুত বিলীন কৃষিভূমি

By

Published : May 16, 2022, 4:35 PM IST

thumbnail

গৰাখহনীয়াৰ কবলত পৰিছে বৰপেটা জিলাৰ পশ্চিম প্ৰান্ত তথা কলগাছিয়া ৰাহজ চক্ৰৰ অন্তৰ্গত কিচমত মইনবড়ি(Erosion at Barpeta) ৷ যাৰ ফলত মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈছে শ শ পৰিয়াল ৷ জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি (Agriculture Land Erosion at Moinbari in Barpeta) । এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলটোৰ স্থানীয় লোকৰ ৷ উল্লেখ্য যে, বিগত বছৰত বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ ফলত প্ৰায় 100 টা পৰিয়াল গৃহহীন হৈ পৰিছিল ৷ সেয়ে অতি শীঘ্ৰেই ইয়াৰ স্থায়ী সমাধানৰ লগতে চৰকাৰৰ ওচৰত ক্ষতিপূৰণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.