Foundation day of AGP: টীয়কত উদযাপন অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

By

Published : Oct 14, 2022, 8:57 PM IST

thumbnail

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ জন্মস্থান টীয়কতো অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (38th foundation day of AGP)। টীয়কৰ পীড়াকটা পূজা মন্দিৰত আয়োজিত এই অনুষ্ঠানত অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰে (AGP foundation day celebrate at Teok) ৷ লগতে শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত বৰাই আৰু সতীৰ্থ সোঁৱৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰেশ বৰাই । ইপিনে প্ৰতিষ্ঠা দিৱস উপলক্ষে ঐতিহ্য পৰম্পৰাক গুৰুত্ব প্ৰদানেৰে কাৰ্যসূচী আৰম্ভণিৰ পূৰ্বেই ভাগৱত পাঠ, কোৰাণ পাঠ আৰু বাইবেল পাঠ কৰা হয় । আনহাতে, অগপৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত মুকলি সভাৰ আৰম্ভণিৰ পূৰ্বে সমষ্টিটোৰ ৬০ উৰ্দ্ধৰ ১৫০ জন ব্যক্তিক অগপ নেতৃবৃন্দই সম্বৰ্ধনাও জ্ঞাপন কৰে । উল্লেখ্য যে, উক্ত সভাত টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিশিষ্ট শিক্ষাবিদ ড৹ বিৰিঞ্চি কুমাৰ বৰাকে প্ৰমুখ্য কৰি অগপৰ বহু সংখ্যক কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে বিভিন্ন পৰ্যায়ৰ জন প্ৰতিনিধিসকলো উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.