World diabetes day: কলগাছিয়াত অনুষ্ঠিত Run Kalgachia শীৰ্ষক দৌৰ প্ৰতিযোগিতা

By

Published : Nov 14, 2021, 9:54 AM IST

thumbnail

আজি বিশ্ব ডায়েবেটিছ(World diabetes day) দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি বৰপেটাৰ কলগাছিয়াৰ ৰাহত পলিক্লিনিক এণ্ড ডায়েবেটিছ কেয়াৰ চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে Run Kalgachia শীৰ্ষক হাফ মাৰাথন(Half Marathan) প্ৰতিযোগিতা ৷ ডায়েবেটিছ(diabetes) অথবা মধুমেহ ৰোগৰ ভয়াৱহতাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে তিনি শতাধিক যুৱক-যুৱতীয়ে ৷ উক্ত প্ৰতিযোগিতাত ল'ৰাৰ শাখাত ছানিদুল ইছলামে প্ৰথম, কামাল আলীয়ে দ্বিতীয় আৰু ৰুবুলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ছোৱালীৰ শাখাত সুজমিনা খাতুনে প্ৰথম, ৰেক্সনা খাতুনে দ্বিতীয় আৰু মৰিমিয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.