নলবাৰীৰ ৮৭তম ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

By

Published : Dec 1, 2020, 10:29 AM IST

thumbnail

নলবাৰী,1 ডিচেম্বৰঃ নলবাৰী হৰিমন্দিৰত ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ দ্বিতীয় দিনটোত বিৰ দি বাট নোপোৱা অৱস্থা দেখা গ'ল। দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত ৰাস হয় মহোৎসৱস্থলী । কৰণা ভাইৰাছৰ বাবে যদিও এইবেলি তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ,এই মহোৎসৱত দ্বিতীয় দিনাৰ নিশালৈ যথেষ্ট যাত্ৰীৰ ভিৰ পৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে হৰিমন্দিৰত মঞ্চত নিশা অনুষ্ঠিত হোৱা ৰাধা-কৃষ্ণৰ নৃত্য প্ৰতিযোগিতা চাবলৈ অসংখ্য লোকে ভিৰ কৰা দেখা গ'ল । ৰাসথলী ঠাহ খাই পৰিল ভক্তৰে। আনহাতে ইয়াৰ পূৰ্বে কোভিদ যোদ্ধা সকলক সম্বধৰ্না জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰে। আনহাতে নামনি অসমৰ আগশাৰীৰ মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসৱস্থলীত শৰৎ কালত গোপীসকলৰ সকলৰ সৈতে যমুনাৰ বালিত শ্ৰীকৃষ্ণই যি লীলা কৰিছিল তাকে অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱত স্থলীত উপস্থাপন কৰিছে। আজি সামৰণি পৰিব নলবাৰীৰ ৮৭ তম ৰাস মহোৎসৱৰ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.