ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা গমেই নাপায় গজেন্দ্ৰ সিং শ্বেখাৱটে

By

Published : Sep 17, 2021, 7:34 PM IST

thumbnail

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়ত অৱগত নহয় কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মদিন উদযাপনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেজপুৰৰ নেৰিৱালমত (NERIWALM) উপস্থিত হৈ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে কয়, এক্সপ্ৰেছ হাইৱেৰ বিষয়ে সংশ্লিষ্ট বিভাগহে জানিব ৷ ইফালে, অতিশিঘ্ৰেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সমাপ্ত হ'ব বুলি কয় ৷ চীনে ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে ৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ অধিক সতৰ্ক হৈ আছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইফালে, এক্সপ্ৰেছ হাইৱেৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ অজ্ঞাত হোৱাৰ বিষয়ত সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এই বিষয়ে তেওঁ নাজানিব পাৰে । পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত জনোৱা হ'ব।"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.