তিনিচুকীয়াত তৰুণ গগৈৰ চিতাভষ্মৰ শান্তিৰ সদভাৱনা যাত্ৰাৰ প্ৰস্তুতি

By

Published : Dec 9, 2020, 10:53 PM IST

thumbnail

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শান্তিৰ সদভাৱনা যাত্ৰা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্মৰ সু-সজ্জিত বাহনখন আহি যোৰহাট জিলাত উপস্থিত হৈছেহি। মঙলবাৰে তিনিচুকীয়া কংগ্ৰেছ ভৱনত সংবাদমেল আয়োজন কৰি তিনিচুকীয়া থানা চাৰিআলিৰ পৰা ৰাইজৰ সুবিধাৰ্থে চিতাভস্ম থকা বাহনখন ৰখাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা উল্লেখ কৰিছিল। বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ধলাস্থিত ছৈখোৱা ঘাটত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জনৰ এক কাৰ্যসূচী ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলৈ ক্ষীপ্ৰ গতিত প্ৰস্তুতি চলাই থকা হৈছে ৷ সমগ্ৰ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী প্ৰমূখ্যে বহুকেইগৰাকী লোকে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.