চোৰৰ ঘাটি উচ্ছেদ কৰিমগঞ্জ আৰক্ষীৰ

By

Published : Aug 23, 2021, 10:53 AM IST

thumbnail

কৰিমগঞ্জ আৰক্ষীয়ে দেওবাৰে এটা বৃহৎ বেটাৰী চুৰি চক্ৰক আটক কৰি বুজন পৰিমাণৰ চুৰি বেটাৰী উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে চহৰখনৰ বিভিন্ন ঠাইৰ পৰা বিগত সময়ত চুৰি হোৱা ৭৩ টাকৈ বেটাৰী উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা বেটাৰীসমূহ ই-ৰিক্সা আৰু আন আন গাড়ীৰ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ আৰক্ষীয়ে এই চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত শিলচৰৰ পৰা তিনিজনকৈ লোকক আটক কৰে ৷ আটকাধীন লোককেইজন মুৰাৰি সিং, ৰাজু আহমেদ আৰু কামালউদ্দিন ৷ এই সমগ্ৰ চুৰি কাণ্ডৰ মাষ্টাৰ মাইণ্ড মুৰাৰি সিং বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.