অভয়াপুৰীৰ APEX BANK ত চোৰে চলালে চাফাই অভিযান

By

Published : Jun 27, 2021, 10:17 PM IST

thumbnail

অভয়াপুৰীৰ এপেক্স বেংক( APEX BANK)ত মঙলবাৰে নিশা চোৰে চলালে চাফাই অভিযান । বেংকটোৰ টিনপাত কাটি বেংকৰ ভিতৰত প্ৰৱেশ কৰে চোৰ ৷ বেংকৰ চিচি টিভি (CCTV) কে ধৰি আন আন বহু সা-সামগ্ৰী লণ্ড-ভণ্ড কৰে চোৰে । উল্লেখ্য যে, বেংকটোৰ লকাৰত প্ৰায় পোন্ধৰ লাখ ( LAKH) টকা আছিল যদিও বেংকৰ লকাৰ ভাঙিব নোৱাৰাত চোৰে লুটিব নোৱাৰিলে ধনখিনি । উক্ত ঘটনাটো আৰক্ষীক অৱগত কৰে বেংক কৰ্তৃপক্ষই ৷ ঘটনাস্থলীত আৰক্ষী (POLICE) উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো লোকক আটক কৰা নাই ৷ ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চোৰে ব্যৱহাৰ কৰা কেইবাটাও সা-সঁজুলি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.