জীৱন যুজঁত হাৰ নমনা ৰঙিয়াৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক

By

Published : Sep 19, 2021, 6:23 PM IST

thumbnail

জীৱন যুজঁত হাৰ নমনা ৰঙিয়া নগৰৰ এগৰাকী বিশেষভাৱে সক্ষম স্বাভিমানী যুৱক ৷ নিজৰ কৰ্মৰ দ্বাৰা নিজৰ কৰ্মৰ পৰিচয় দাঙি ধৰিছে বিশেষভাৱে সক্ষম মুহাম্মদ গোলফাম খানে ৷ বিশেষভাৱে সক্ষম মুহাম্মদ গোলফাম খানে এটা দশক পূৰ্বে খুলি লৈছিল কম্পিউটাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা ৷ কেন্দ্ৰটোত কম্পিউটাৰৰ Hardware আৰু software ৰ প্ৰশিক্ষণ দিয়া হয় ৷ লগতে spoken English শিকোৱা হয় ৷ কেন্দ্ৰটোত ৰাখিছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সুবিধা ৷ সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয় প্ৰশিক্ষণ ৷ কেন্দ্ৰটোত প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতে অধিকাংশ যুৱক-যুৱতীক ব্যক্তিগত কোম্পানী অথবা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্ম সংস্থাপিত কৰি দিয়ে মুহাম্মদ গোলফাম খানে ৷ উল্লেখ্য যে, জন্মৰে পৰা দুয়োখন ভৰি বিকলাংগ হোৱাৰ পিছতো কাৰো ওচৰত হাত নাপাতি ৰেল ষ্টেচনৰ সন্মুখত চানা, বুট বিক্ৰী কৰি নিজৰ পৰিয়ালটোক ভৰণ পোষণ দিছিল মুহাম্মদ গোলফামে ৷ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ পিছতো নিজৰ ভৰষা আৰু নিজৰ শিক্ষাৰ দ্বাৰা কম্পিউটাৰ কেন্দ্ৰত প্ৰশিক্ষক হিচাপে কাম কৰি নিজাববীয়াকৈ গ্লোবেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো খোলে গোলফামে ৷ লগতে কেন্দ্ৰটোত কেইবাগৰাকী কৰ্মচাৰীও সংস্থাপিত কৰিছে ৷ উচ্চ শিক্ষিত বিশেষভাৱে সক্ষম মুহাম্মদ গোলফাম খানৰ এনে সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃৰ লগতে ৰঙিয়াবাসী ৷ মুহাম্মদ গোলফাম খানক লগ পালে আপুনিও কিবা এটা শিকিব পাৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.