শিলচৰৰ কাটিগড়া বাবুৰ বজাৰ ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 9:53 PM IST

thumbnail

শিলচৰ, 26 এপ্ৰিল : শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কাটিগড়া বাবুৰ বজাৰ ভোটকেন্দ্ৰৰ সম্মুখত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত ভোটগ্ৰহণ কেন্দ্ৰটোৰ সন্মুখত সৃষ্টি হয় হতাহতিৰ ৷ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় ভঙাৰ অভিযোগক কেন্দ্ৰ কৰি দুই দলৰ কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ ৰাজপথতে দুই দলৰ কৰ্মী লিপ্ত হয় মাৰপিটত ৷  

ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ অভিযোগ মতে, ভোটকেন্দ্ৰৰ বাহিৰত থকা বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় কোনো দুৰ্বৃত্তই ভাঙি পলায়ন কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছ দলৰ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷

উল্লেখ্য আজি ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ শিলচৰ লোকসভা সমষ্টিটো আজি দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷

লগতে পঢ়ক :  হাইলাকান্দিত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কৰ্তব্যৰত অৱস্থাত প'লিং এজেণ্টৰ মৃত্যু - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.