কলিয়াবৰত ট্ৰেক্টৰৰ চেঁপাত প্ৰাণ হেৰুৱালে শিশুৱে - Child death

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 9:40 PM IST

thumbnail

কলিয়াবৰ,২৬ এপ্ৰিল: কলিয়াবৰত সংঘটিত হয় এক শোকাবহ ঘটনা । কলিয়াবৰৰ বৰভগীয়াৰ এন. আৰ. ইটাভাটাত সংঘটিত হয় এই শোকাবহ ঘটনা । ট্ৰেক্টৰৰ চেঁপাত কৰুণভাৱে মৃত্যুক সাবটিলে এটি ৫ বছৰীয়া শিশুৱে । জানিব পৰা মতে এখন বালিভৰ্তি ট্ৰেক্টৰত পানী দিয়াৰ কামত ব্যস্ত থকা পিতৃ গুলজাৰ হুছেইনৰ কাষতে খেলি আছিল শিশুটিয়ে ।

কাম শেষ হোৱাৰ লগে লগে ট্ৰেক্টৰখন চলাই দিয়াত শিশুটিৰ গাৰ ওপৰেৰে পাৰ হৈ যায় ট্ৰেক্টৰখন । ট্ৰেক্টৰৰ চেঁপাত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ । ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশ বিৰাজ কৰে সমগ্ৰ অঞ্চলত । ইফালে ট্ৰেক্টৰ চালকক সুৰক্ষা প্ৰদানৰ চেষ্টা চলোৱাৰ লগতে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ইটাভাটাৰ গৰাকীৰ বিৰুদ্ধে । পৰৱৰ্তী সময়ত মিছা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ । 

লগতে পঢ়ক: বৰপেটাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এটি দুবছৰীয়া শিশুৱে - Child Dies Of Electrocution

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.